top of page

শ্মশান

য’ত ভষ্ম হয় এভাৰেষ্ট সম সুউচ্চ অহংকাৰৰ , বিলীন হৈ যায় মাটিত সমস্ত কায়া অতি মৰমৰ ৷ ইমান দিনে মোৰ তোৰ কৈ কৈ আজি দেখোন সকলো হেৰুৱালোঁ ৷ আকাশৰ দৰে বিশাল সাগৰৰ দৰে গভীৰ তোমাৰ মোৰ মৰমৰ টোপোলাটো লগত চোন আনিব নোৱাৰিলোঁ ৷ বাবাৰ দৰবাৰলৈওঁ যাবলৈ আজি দেখোন গাত মুঠেও শকতি নাই ৷ জ্ঞাতি ভাই চাৰিজনৰ কান্ধতহে উঠি ললোঁ বাঁহৰে চাঙি খনতে শুই ৷ আপোনৰো আপোন মোৰ পুত্ৰ-বধু জীয়ৰীয়ে মুখাগ্নি কৰিব মুখতে লগাব জুই ৷ সমুদায় উপস্থিত ৰাইজৰ হৰিধ্বনিত জিকাৰ খাই উঠিব মোৰ সহধৰ্মিনী শিৰৰে সেন্দূৰকণ চুই ৷ হা মোৰ স্বামী ক’ত গৈলা এৰি বিশ্বব্ৰহ্মাণ্ডৰ বহল পৰিধিত মিলিলাগৈ তুমি আজি মোকে নিঠৰুৱা কৰি ৷ ৰাউচি জুৰিলে মোৰ অনুচৰ সহচৰ যি দুই চাৰিজন আছিল মোৰ ভাওনাৰ ভাও হৃদয়ৰে অনুকৰণ কৰি ৷ আজিৰ পৰা কোনোদিনে যে আৰু দেখা দেখি নহব জুকিয়াই চালে অতীতৰ স্মৃতি ৷ সৰ্ব্বোচ্চ ভষ্মৰ মাজত মাথোঁ জিলিকিব তিৰবিৰাই কৃতকৰ্মৰ বন্তি যদি হয় অপকৰ্ম বন্তিৰ পোহৰ এন্ধাৰতে লুকাব যদি হয় সুকৰ্ম প্ৰতিদিনে পোহৰ বিলাব আই ধৰিত্ৰীৰ কাৰেং শোৱনি কৰি ৷

0 views0 comments

Related Posts

See All

留言


bottom of page