top of page

“শ্বহীদৰ মাতৃ”

পুৱাতেই দেখিলোঁ শুকুলা চাদৰখন মেৰিয়াই আইয়ে ৰ লাগি আছে জপনাৰ মূখত নিঃশব্দে নিৰৱে কাষত ৰলো, সি গুচি যোৱা বছৰেইটো হল! বুকুখন কপিঁ উঠিল অজান আতংক! তেজেৰে লুতুৰি-পুতুৰি দেহা মূখখন ক্ষতবিক্ষত! ফুলৰ মালাৰে সু- সজ্জিত বাহনত ভাইটিৰ নিঠৰ দেহ! কেতিয়াওঁ নহা হেজাৰজনৰ সমাগম; আচৰিত ভংগীমাত আইৰ প্ৰশ্ন? ‘কোনে ল’ৰাটোৰ দেহটো এনেকুৱা কৰিলে!’ ‘কোন অভাগিৰ সন্তান বা এয়া!’ ‘কিয় বা অনা হৈছে ইয়ালৈ!’ এতিয়া আইক বুজাব কোনে? মানিবতো নোৱাৰে গুচি যোৱা বুলি সি আজিও জপনাৰ মূখত ৰৈ থাকে আগ্ৰহেৰে কিজানি সি আহি কয়, ‘আই, মই আহিলো, আহঁ আই’ তাৰ খাকি পোচাকযোৰ, আজিও আইয়ে লগত লৈ শুৱে! দেশৰ হকে ওলাই যাওঁতে আগ্ৰহেৰে কোৱা ‘আই মই আকৌ সোনকালে আহিম’ কথাষাৰে আজিও আইক বিশ্বাস দিয়াই এনে আইক বুজাব কোনে বৃদ্ধ চকুহালেৰে থৰক-বৰককৈ জপনাখনত আউজি বৰবৰাই “তই আজিও নাহিলি কিয় বাবা?” ঢিমিক-ঢামাক চাকিৰ পোহৰত ৰাতি সাৰ পাই উঠি গোসাঁইৰ আগত এগচি বন্তি জ্বলাই তাৰ আয়ুসত বিঘিনি নাহক এনে কাতৰ বিননি দেখিও অবুজন মাতৃ ক বুজাব কোনে!

#assamesekobita #axomiyakobita #SahityaChorcha #swahidormatri

0 views0 comments

Related Posts

See All
bottom of page