শ্বহীদৰ আত্মা
- Sahitya Chorcha
- Dec 24, 2020
- 1 min read
এইখন মোৰ জননী জন্ম ভুমি, দেশৰ বাবে, প্ৰাণ আহুতি দি, আছোঁ ক্লান্তিহীন ভাৱে, একে থিৰে, জন সমাগমৰ মাজত।
আজিও আছে জননীৰ বুকুত,বায়ু,পানী,(ব’তাহ), সেউজীয়া প্ৰকৃতিৰ সৈতে বিলীন হৈ, মোৰ দেহৰ কেঁচা তেজ । জননীৰ বুকুত অগ্নিদগ্ধ, মোৰ সংগ্ৰামী দেহ ।
তথাপি আছোঁ মই অমৰ হৈ জননীৰ বুকুত অগ্নিঅস্ত্ৰ হৈ । জননী আই তোৰ সু-সংগ্ৰামী পুত্ৰ মই, আই তই নুটুকিবি চকুলো ! তোৰ চাৰিও দিশে আছোঁ জীয়াই মই । যদিও তোৰ বুকুত ৰাখিছে মোক,শ্বহীদৰ মূত্তি সাজি, আজিও আছে মোৰ আত্মা জীয়াই ।
জননী আই তই নুটুকিবি চকুলো, তোৰ প্ৰহৰী হৈ চাৰিও দিশে আজিও আছোঁ মই আই আজিও আছোঁ! ফিৰিঙ্গটি, অগ্নিকল্প হৈ।
Comentarii