স্বাধীনতাৰ অমিয় সুৱাদ কতযে জীৱনৰ বলিদানত প্ৰাপ্ত! ৰাখিব লাগিব সদায় তেওঁলোকৰ মান শতবাৰ নমন কৰি হে মাতৃভুমিৰ সন্তান; বিপ্লৱী মানসিকতাৰে বিদেশী খেদি মুক্ত কৰিছিল দেশক; নিজৰ জীৱনকো তুচ্ছ কৰি হৃদয়ত থাপিছিল সোনালী দেশৰ চিত্ৰ; হে মহামানৱ, দেশপ্ৰেমীকসকল কিমাননো প্ৰমান দিয়া তোমাৰ নিঃস্বাৰ্থ প্ৰেমৰ! পুৰুষে নাৰী হৈ ক’তযে দেশ শত্ৰুক চকুত ধুলি দিলা! অহিংস নীতিৰে বাৰে বাৰে বিদেশীক অতিষ্ঠ কৰি তুলিলা! মাতৃভূমিয়ে জন্ম দিয়া এনেহেন সন্তান আমাৰ! শত্ৰুয়েও গুণ গাই যায় চানেকি দেখি ত্যাগৰ! যুগে যুগে তোমাৰ বলিদানৰ জয় গান গাব! অনুজেও তোমাকেই অনুকৰণ কৰি দেশমাতৃক সুৰক্ষা কৰিব শিকিব! শতসহস্ৰ নমন হে শ্বহীদ সু -সন্তান! ভাৰতৰ স্বাধীনতা উপভোগ কৰো আমি তোমাকে সুঁৱৰি আজীৱন!
#SahityaChorcha #swahidokhuwari #freedomfighter #axomiyakobita #assamesekobita