top of page

শ্বহীদক স্মৰণ

বুকুত অদম্য উৎসাহ লৈ জপিয়াই পৰিছিল বিদেশীমুক্ত কৰিবলৈ অসমৰ বুকুত| জীয়া তেজৰ নৈ বলে , আঠশ পচপন্ন জন পাহুৱাল ডেকাৰ| কেঁচা শোণিতেৰে ৰাঙলী হ’ল অসম ; হ’ল জানো বিদেশী বিতাৰণ? প্ৰতি বছৰে শ্বহীদক কৰিছে স্মৰণ , মাতৃৰ বকুৰ জুইকুৰা হৈছে পুনৰ উদ্গীৰণ; প্ৰশমীত কৰিবলৈ কোনোবাই কৰিছেনে যতন? মাতৃয়ে চকুলো টুকিছে, পৰিয়ালে চকুলো টুকিছে, কিন্তু যাৰ শক্তি আছে এইজুই কৰিবলৈ নিৰ্বাপণ, তেওঁলোকচোন হৈ আছে এতিয়াও অৱচেতন| নিদ্ৰা ভংগ হ’বনে কোনোবা দিন??? কৰিবনে শ্বহীদৰ কেঁচা তেজৰ মূল্যাংকণ???

0 views0 comments

Related Posts

See All

Comments


bottom of page