দুৰ্বিষহ বছৰ এটি পাৰ কৰাৰ পিচত স্বস্তিৰ নিশ্বাস এৰিছে বিশ্বৰ লগতে অসমৰ জনগণে| ভোগালীও আহি দুৱাৰমুখ পালেহি| অসমীয়াৰ জীয়ৰী- বোৱাৰীৰ মন উখল-মাখল| চিৰ,পিঠা,সান্দহ ,হুৰুম , ঘিলা পিঠা, খোলাচাপৰীয়া পিঠা, লুঠুৰিপিঠা, চুঙাপিঠা আদি বিধে বিধে কৰিবলৈ প্ৰস্তুটি চলাইছে সকলোৱে| যোৱাবাৰযে অশান্তিতেই পাৰ হ’ল ভোগালীৰ উৎসাহ | এইবাৰ ভোগালী যোৱাবাৰৰ দৰে ভয়াবহ নহয় | সকলোৰে মনত উৎসাহৰ ঢল| ডেকা-বুঢা সকলোৱে টঙালী বান্ধিছে ভোগালীক আদৰণী জনাবলৈ| মেজীৰ বাবে কাঠ,বাঁহ কাটিবলৈ প্ৰস্তুটি চলাইছে| মেজী ভোজৰ ভেলাঘৰ সাজি মেজীভোজৰ মাছ-মাংসৰ লগতে কাঠআলু ,ৰঙা আলু ,মোৱাআলু , নতুন মাটিমাহ আদিৰ সন্ধানত ব্যস্ত হৈ পৰিছে| গভীৰ হতাশা ,গভীৰ নিৰাশাৰ অন্তপেলাই আশাৰ বতৰা লৈ আৰম্ভ হ’ল ২০২১ চন| সকলোৰে মনত আনন্দ – উৎসাহ| আঘোণী পথাৰৰ পৰা সোণগুটি লখিমীক আদৰি আনি মেটমৰা ভঁৰাল শুৱনি হ’ল ; শালি, লাহি, বৰা, জহা ধানেৰে ভঁৰাল ভৰি গ’ল| কৃষকৰ উৎসাহ নধৰা হ’ল| এতিয়া সকলো ব্যস্ত মাথোন শান্তিৰে ভোগালীক আদৰিবলৈ; বিহুৰ ভোজ ভাত খাই মেজীজ্বলাই অগ্নীদেৱতাক পূজা কৰিবলৈ।
top of page
The website is being updated and edited. Please share comments on contact page.
bottom of page
Comentarios