top of page

শীতৰ অনুভৱ

হিমচেচা আঙুলিৰ ফাকে ফাকে নামি আহে শীত, কুঁৱলীৰ মাজেৰে নিয়ৰে আহি শীতল কৰি তোলে ধৰণী,,, স্মৃতিয়ে কঢ়িয়াই আনে জুহালৰ কাষত লোৱা আমেজবোৰ, পুৱা-গধূলি জুইৰ কাষত বহি কটোৱা মধুৰ সময়বোৰ,,, শীতৰ ঠেটুৱৈ ধৰা জাৰৰ পৰিত্ৰাণ পাবলৈ জুহালৰ কাষত বহা, সকলোৱে মিলিজুলি লোৱা চাহৰ জুতি আৰু আলু-বেঙেনা পোৰা এতিয়া এইবোৰ অতীত ,,, আইতাই জুহালৰ কাষত নাতিহতঁক সাধুকথাৰে দিয়া উমাল মৰমবোৰে বাট বুলিছে সাধুকথালৈ ,,, শীতৰ জুহালৰ পকা অঙঠাৰ পৰশত বেমাৰও দিকভ্ৰান্ত হয় ককা-আইতাৰ ককালৰ বিষেও বাট বুলে ,,, শীতৰ জুহালৰ সোৱাদ লবলৈ এতিয়া যেন স্মৃতিৰ গহ্বৰত তথাপিও অনুভৱ কৰিলো আজি কবিতাৰ মাজত।
0 views0 comments

Related Posts

See All

Commentaires


bottom of page