top of page

শিক্ষকৰ মহত্ব

  • Sahitya Chorcha
  • Dec 27, 2020
  • 1 min read

শিক্ষক নহয় এটা চৰ্তসিদ্ধ শব্দ অভিপ্ৰেত অৰ্থ তাৰ বিজ্ঞান সন্মত। শিক্ষকৰ শিক্ষকতা শিষ্টাচাৰ ক্ষমা কৰুণাদীপ্ত কৰ্তব্যপৰায়ণতা সত্য সুন্দৰতাৰে সমৃদ্ধ জ্ঞানদীপ্ত শৈল্পিকতা। মানৱ সম্পদ গঢ়ি অনুভৱ কৰে সদানন্দ তেওঁৱেই সৎ নেতৃতজ্ঞ শিক্ষক স্বকৰ্ম ধন্য

স্বজাতি স্বদেশৰো তেওৱে নিয়ন্তা প্ৰগতিৰ উচছ শিখৰী তুংগ পৰ্যান্ত সৰ্বজন গ্ৰাহ্য বিশ্বাস যোগ্যতাৰে কৰে ; মহত্ত্বপূৰ্ণ মহৎ কৰ্ম, সৰ্বত্ৰতে সৰ্বকালে যি সৰ্বজন বিদিত। অতীত বৰ্তমানৰ ভবিষ্যত দ্ৰষ্টা তেওঁৱেই মহান মহৎ শিক্ষক যিয়ে কৰে একনিষ্ঠ শিক্ষকতা।

জাতি মাটি ভেটি কৃষ্টি সংস্কৃতিৰ ৰক্ষণা বেক্ষণাতো তেও সিদ্ধহস্ত তেওঁ সমাজৰ শক্তিৰ সভ্যতাৰ গতিৰ সপোন দ্ৰষ্টা নিপুণ শিল্পী। মধ্যহ্ন সূৰ্য দীপ্ত শক্তিৰ উৎস শিক্ষকৰ শিক্ষকতাৰ প্ৰগাঢ় প্ৰতিতি।

বসুন্ধৰা ব্যপ্ত জীৱ সমস্ত সৰ্বত্ৰতে যাৰ প্ৰেম বিচৰণ কৰে নিত্য নৈমিত্তিকতাৰে বৰ্ণিল বসন্ত ময় স্বৰ্ণিল স্বপ্নক লৈ জীৱনযোৰা প্ৰক্ৰিয়া সক্ৰিয়া কৃচ্ছ সাধনাৰে তেওঁৱেই শিক্ষক ঈশ্বৰ প্ৰদত্ত গুণেৰে।

শিক্ষকৰ শিক্ষকতা সুগন্ধি সৌন্দৰ্য ব্যপ্ত জ্ঞান প্ৰদানৰে মাদকতা উলিয়াই আনে যিয়ে সৰ্বজনৰ হৃদয়ৰ পৰা স্বত :প্ৰণোদিত ভাবে প্ৰকৃত মানৱতা গঢ়ে সমাজ নিৰ্মূল কৰে সংৰচনা।

নেতৃত্ব সুনিশ্চিত কৰি অহোপুৰুষাৰ্থ জ্ঞানোজ্বল পৰিকল্পনাৰে জাগৰণ উদ্ৰোগ গতিশীল কৰি নিৰক্ষৰ জীৱনলৈ সাক্ষৰতা আনি দেশ জাতি সমাজলৈ আনে পূৰ্ণতা। তেওঁৱেই প্ৰকৃত জ্ঞান সমৃদ্ধ নেতৃত্বদক্ষ সৰ্বজন বৰেণ্য শিক্ষক ধন্য তেওৰ শৈল্পীক শিক্ষকতা।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page