শৰতৰ শব্দৰ মন্ত্ৰপাঠ
- Sahitya Chorcha
- Jan 16, 2021
- 1 min read
শব্দৰ গোন্ধত বিচাৰি ফুৰো তোক নষ্টালজিত বন্দী তই শৰত, তোৰ আগমনত কবিয়ে মন্ত্ৰপাঠ কৰে এক মধুৰ সানিধ্যত।
আহিনৰ শীতৰ সেমেকা আকাশ প্লৱানত জোৱাৰ উঠে শব্দৰ, শব্দই শব্দৰ কথা পাতে ভাষাই ভাষাৰ কথা পাতে এক মধুৰ সানিধ্যত।
মোৰ উজাগৰিত তোৰ সুহুৰি স্বপ্নাতুৰ মগন স্বপ্নত, শব্দই শব্দ হৈ উঠিব সুৰুযত এক মধুৰ সানিধ্যত।
তই শৰত কবিৰ শব্দৰ সাহিত্য কবিৰ শব্দৰ সংকৃতি কবিৰ শব্দৰ, প্ৰেম,ভালপোৱা,মাজৰ ঐক্যৰ মিলনৰ এনাজৰী এক মধুৰ সানিধ্যত।
তই শৰত তই পৃথিৱীত নাথাকিলিহেঁতেন, শ্মশানত চিতাৰ জুই দৰে কবি মন সদায় জ্বলি থাকিল হয়।
Comments