শৰতক স্বাগতম
- Sahitya Chorcha
- Jan 4, 2021
- 1 min read
শাৰী শাৰী কঁহুৱা ফুলে শুভ্ৰ বসন পিন্ধি লয়লাস ভংগীমাৰে নৃত্য কৰি কৰি কাৰ অপেক্ষাত বাৰু সময় কটাইছ? নিৰ্মল আকাশখনে বগা ডাৱৰৰ সতে, লুকা-ভাকু খেলি খেলি কাকনো মাতিছ? শেৱালি,নেৱালি,বকুল,বন্দুলিৰ সুবাসেৰে আমোল-মোল পৰিবেশ কাৰ বাবেনো বাৰু সৃষ্টি কৰিছ? স্বৰ্গৰ বতৰা লৈ, খঞ্জনী পখিটি আহি, কি উল্লাসত বাৰু দুগুণে নাচিছ? কুঁৱলীৰ আঁৰ টানি দুৱৰিৰ ওপৰত নিয়ঁৰৰ দলিচা পাৰি, প্ৰকৃতিক মোহনীয় কৰি সজাই তুলিছ| শৰৎ আহিছে বুলি অধীৰ আগ্ৰহ সানি “স্বাগতম” জনাবলৈ, প্ৰস্তুতি চলাইছ |
Comments