top of page

শব্দৰ সন্ধানত

  • Sahitya Chorcha
  • Dec 25, 2020
  • 1 min read

কোনো এটি নিচা লগা সন্ধিয়া মুঠিত শব্দৰ সম্ভাৰ শূণ্যৰ বুকু পুৰাবলৈ শব্দৰ সৈতে টনা আজোঁৰা

উকমুকনিত আলোড়িত মেটমৰা বাখৰুৱা শব্দৰ তথাপিও প্ৰকাশ্যত জটিলতা কিয় জানো চিৎকাৰ চিৎকাৰ মাথো চিৎকাৰ

কেতিয়াবা আকৌ আলাসতে সৰে শব্দ….পঞ্চ আঙুলিৰ মুঠি সুলকি সুলকি পৰে তেজ বতিয়াদি প্ৰবাহিত হয় মনত মাথোঁ শব্দৰ ঝংকাৰ

শব্দই অকলশৰীয়া নকৰে যদিও দুখীয়া কবিৰ কিয় জানো নাটনি হয় শব্দৰ….!!

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page