top of page

শব্দবোৰ যদি ৰ’দ হয়

শব্দবোৰ ৰ’দ হয় ৰ’দৰ বুকুত গজি উঠে শব্দবৃক্ষ সেই বৃক্ষৰ ছাঁত জিৰণি লয় প্ৰজ্ঞাই ভাষাৰ উৰ্বৰা পথাৰত শব্দৰ ব্যঞ্জনাই গজালি মেলে হেৰাব খোজা শব্দবোৰ খামুচি ধৰি নতুন চিন্তা চেতনাই জীপাল কৰে সুমধুৰ ভাষাৰ সেউজীয়া পথাৰখন! ভাষা-উপভাষাৰ সমাহাৰত সৃষ্টি হয় বৈচিত্র্যময় ভাষা কিম্বা সংস্কৃতিৰ সমন্বয় ভাষা-সংস্কৃতিৰ এই মহা সমাৱেশ চিন্তাৰ গতিশীলতাই দিয়ে তাতে প্ৰাণৰ আৱেশ! শব্দতেই জীৱন জীয়াৰ আখৰা চলে বৰ্ণই বৰ্ণই মিলি ৰামধেনু ৰঙৰ মালিতা ৰচে! এই শব্দইও যে কেতিয়াবা উজুতি খায় অপৰিশীলিত অপৰিপক্ক চৰ্চাত নিজৰ স্থানতেই গতি হেৰায়! তথাপি শব্দ গতিময় এই শব্দ অন্তহীন প্ৰজ্ঞাৰ আলয়!

1 view0 comments

Related Posts

See All

Comments


bottom of page