top of page

শতিকাযুৰি আমি ফুটুকা ফুলহৈ আছো ফুলি

এফালে অসহ্য ভোক আনফালে ত্ৰাসৰ দুৰ্ব্বাৰ ধুমুহা অকোৱা পকোৱা পকনীয়া মুষলধাৰ বৰষুণ নদীৰ তান্ডৱী তৰ্নাষ্ঠিময় ঘনঘোৰ গৰ্জন সেই দুৰ্দান্ত দুৰ্য্যোগৰ দোভাগ ৰাতি চিঞৰি চিঞৰি আহি অতৰ্কিতে সাৱতি ধৰি যাচিছিলা ভালপোৱা বুকুত বান্ধি জীয়াই থকাৰ বাসনা অমৰ প্ৰেমৰ অমৃত ঢালি উচুপিছিলা কঁপিছিলা সৰ্বহাৰাহৈ অসহায় জীৱনক আদৰি মইও কঁপিছিলো ত্ৰাসত পৰি মহা সংকটৰ সন্মুখত হেৰাবলৈ দিয়া নাছিলো কিন্তু ধৈৰ্য্য প্ৰেম ভালপোৱাৰ কথা ভাৱিবলৈ তেতিয়া ক্ষণিকো নাছিল সময় কি কৰো কি নকৰো যদিও একোকে কৰিব পৰা নাছিলো নিৰ্ণয়

নদীৰ পানী বাঢ়ি আহি বাঁহৰ আগলৈকে দুয়োকে নিছিল দাঙি আঁহত গছৰ ফেৰেঙনীত তোমাক তুলি পৰিনোযোৱাকৈ থৈছিলো বান্ধি টোপনিত পৰি যোৱাৰ দুঃস্বপ্ন দেখি কটাইছিলো উৎকত উজাগৰী ৰাতি দুৰন্ত দুঃসাহসী ৰাতি দোকোল টকাবানে উটুৱাই লৈ যোৱা দুৰ্দান্ত দুৰ্যোগব্যাপ্ত দুৰ্দশাগ্ৰস্ত সময়বোৰ চাই চাই চাই নদীৰ ৰুদ্ৰৰূপ মৰণত শৰণ দি সেই ৰাতিবোৰ কিযে অসহ্য অসহায় নিৰণ্ণ নিৰুপায়

ৰুদ্ৰৰূপী কালিকা লগা নদীৰ ধ্বংশমূখী বিশাল বাসনাৰ সন্মূখত মৃত্যুৰ সতে মিতিৰালি কৰি চূলিৰ আগত জীউ বান্ধি বান্ধি অসহায় সাপ বেং বান্দৰৰ সতে কটোৱা সেই সংঘাট প্ৰৱল সংকটাপণ্ণ ৰাতি ভাৱিছিলো মাথোন তোমাৰ কথা নিজক পাহৰি পাহৰি দুৰ্যোগ প্ৰেম সংকট সংঘাটৰ কিযে নান্দনিক অদ্ভুত আশ্চৰ্য্য মিলন ভাৱিলেই গাৰ নোম উঠে শিয়ঁৰি কিযে অদ্ভুত সেই ভয়াল জয়াল ৰাতি মনত নেপেলালেও হৃদয়ত নবজাকে নেথাকে বুকুত নুথাকৈ নেথাকে কঁপনি

এদিন নদী শান্ত হ’ল উদন্দ উত্তাল নদীৰ উন্মত্ত যৌৱন গ’ল ঢলি বিধ্বস্ত শাওনৰ পথাৰ বিনষ্ট দুৰ্গন্ধ দুৰ্ভিক্ষৰ কুটিল কিৰিলি জীৰ্ণ শীৰ্ণ অৱস দেহাৰে সৱল সতৰ্ক সন্দিহান খোজেৰে খুপি খুপি দুয়ো গ’লো দুয়োৰে আপোন ঘৰ বিছাৰি মই কিন্তু নেপালো তুমি পালানে নাই তাকো মই আজিও নেজানিলো গ’লা যি গ’লা আৰু নাহিলা ঘূৰি প্ৰতীক্ষাত জাপযোৱা প্ৰতীক্ষাৰে প্ৰতীক্ষাৰ বুকুত শেষহ’ল দিন ৰাতি যৌৱন গলি গলি নিৰৱে নিসঙ্গে যৌৱনতে হ’ল লীন হেৰোৱাবোৰ হেৰায়েই গ’ল কোনোদিন ক’তো নেপালো বিছাৰি নেপাওঁ আৰু বিছাৰি আশা নিৰাশা হতাশা আজি একোৱেই নাই সম্প্ৰীতি থাকিলেও নাই শান্তি সদাই নজ্বলে আখল নজ্বলে চাকি সৰ্ব্বহাৰা জীৱন আমাৰ যেন অকহি পুৰুষীয়া পৰম্পৰাগত অৰ্ণিবান সংস্কৃতি নদীৰ বুকুত বছৰে বছৰে সকলো হেৰুৱাই ঘূৰাই ঘূৰাই আকৌ নদীৰ পাৰতে ফুটুকা ফুলহৈ আছো নীৰৱে ফুলি

সন্মূখ হওঁ সেই সময়বোৰৰ সতে বছৰি বছৰি দুৰ্যোগ দুৰ্ভীক্ষ দুখ দুৰ্দশা ভোগ কৰাতো আমাৰ বাৰ্ষিক অভ্যাস চিৰন্তন ফুটুকা ফুলৰ দৰে আমি আমাৰ জীৱনত নবয় হাহিঁৰ সুৱাস শোষণ নিষ্পেষণৰ আমি সদায় বলি শতিকাৰ পাছত শতিকা অবহেলিত হৈ ফুটুকা ফুলহৈ আছো ফুলি নদী আহিলেই আহে দুৰ্য্যোগ আনৰবাবেহে আহে সুযোগ নাহে কিন্তু আমাৰ বাবে সদায়েই আমি ভূগিব লাগে দুৰ্ভোগ এনেকুৱাই আমাৰ জীৱন আমাৰ নিত্যবৰ্তমান নিৰৱিচ্ছিন্নতাৰে চলি আহিছে যুগ যুগ তাল মান হাৰা জীৱন হ’লেও আমি নহও ম্ৰিয়মান

আমাৰ জীৱনত প্ৰগাঢ় প্ৰেম আছে শান্তি নাই সততা সংগ্ৰাম অবিৰাম কিন্তু মুল্য নাই মাথোন দুৰ্যোগ দুৰ্য্যোগ আৰু দুৰ্ভিক্ষ দুৰ্ভোগ শত শত শতিকা জুৰি

0 views0 comments

Related Posts

See All

Comments


bottom of page