top of page

যাত্ৰা জীৱনৰ

  • Sahitya Chorcha
  • Jan 20, 2021
  • 1 min read

কোনে কয় মোৰ সপোন নাই!! তুমি নোহোৱাৰ দিন ধৰি মোৰ সপোনবোৰেচোন ন-ৰঙেৰেহে পোখায়…

কোনে কয় মোৰ হাঁহি নাই!! তুমি হাতৰ মুঠিত অতকাল আবদ্ধ হাঁহিচম্পা মোৰ মুখাবয়ৱেচোন আজি চৌদিশে সৌৰভহে বিলায়…

কোনে কয় মোৰ হেঁপাহ নাই!! তুমি গচকি ৰখা মোৰ জীৱনটোৱে এতিয়া ন-ৰূপেৰেহেচোন উকমুকায়…

কোনে কয় মোৰ জীৱন নাই!! স্বাৰ্থপৰ পৃথিৱীত মূৰ তুলি জীয়াবলৈ উৰ্বৰা পৃথিৱীখনেচোন মোক অহৰহ ৰিঙিয়ায়…

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page