top of page

মোৰ পৰিচয়

মই কোন? মইয়ে মিৰি তাহানিৰ পৰ্বত,পাহাৰত থকা সোৱণশিৰিয়া ডেকা মইয়ে মিচিং আজিৰ অসমৰ দিহিং দিখৌ দিচাংমুখৰ লুইতপৰীয়া ডেকা। বহুত আশা বুকুত বান্ধি পালোহি আহি তৈল নগৰী ডিগবৈ। আত্মবিভোৰ হলো বহু লোকৰ ভাষা সংস্কৃতিৰ মিলন দেখি। কালৰ গতিত সমন্বয়ৰ শিকলি ডালত পৰিল মামৰৰ প্ৰলেপ ধৰ্ম ভাষা জাতিৰ বুকুত দানবৰ আচোঁৰ চিৰ চেনেহী আইৰ আচলত আজি ৰঙা তেজৰ দাগ। জাতি-উপজাতিৰে গঢ়া আমি অসমীয়া তাহানি আহোম ৰজাৰ অথবা শংকৰ, জ্যোতি, বিষ্ণু ৰাভাৰ বৰ আইৰ আদৰক নেওচি গুচি গল ভাই মোৰ নগা – মিজো অৰুণাচলী , মেঘালয় আৰু ত্ৰিপুৰা-মণি পুৰী ৰৈ গ’ল মাথো মিচিং, কাৰ্বি,বড়ো, কছাৰী। কুটিল ৰাজনীতিৰ পাকচক্ৰত এওলোকো যেন আঁতৰি যাবৰ উপক্ৰম হ’ল। আজিও তেজ নিগৰি থকা দানবৰ কুৎসিত নৃত্য ঘনে ঘনে আঘাত হানে পাষাণে, বাৰে বৰণীয়া মোৰ অসমীৰ বুকুত।

0 views0 comments

Related Posts

See All

Comments

Couldn’t Load Comments
It looks like there was a technical problem. Try reconnecting or refreshing the page.

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page