“মোৰ জননী আজি খণ্ডিত”
- Sahitya Chorcha
- Jan 22, 2021
- 1 min read
একালত আছিলো আমি সাতোভনী…; সকলো ফালে গোটেইকেইজনী লাচনি-পাচনি…! হৃদয়ৰ ভাৱবোৰ আদান প্ৰদান কৰিছিলো….; ব্যৱসায় বানিজ্যটো প্ৰগতি আনিছিলো…: ঘৰ বিভীষণে আমাক খণ্ডিত কৰিলে… ঠায়ে ঠায়ে মৰমবোৰ ছিটিকি পৰিলে…! অন্যায় অবিচাৰবোৰক দেখি দুখত ভাগিলো …!! বাই – ভনী কেইজনীয়েও চকুলো টুকিলো….! মিলনৰ আশায়ে আমাক আতুৰ কৰিলে…! দুঃচিন্তাবোৰে হিয়া আগুৰি ধৰিলে… সাহিত্য – সংস্কৃতিত বিপুল চহকী দেখি …! বিদেশীৰ চকু পুৰিল …….কৰিলে , আহি খেলি মেলি…! প্ৰাকৃতিক সৌন্দৰ্য্যই সকলোকে মুহিত কৰিলে…; বিদেশীয়েও আপোন কৰি সংসাৰ গঢ়িলে…! ভৌগলিক মানচিত্ৰৰ ভগ্ন ছবি দেখি হৃদয়ে কান্দে….! আকৌ জানো একতাৰ এনাজৰীদাল বান্ধিব নোৱাৰি আগৰ দৰে….! সপোন কোঁৱৰেও খেদি আহিব সাতোভনীৰ ৰূপ দেখি….! প্ৰলয়ৰ ধাৰাও থমকি ৰব মিলনৰ সেঁতুত পমি…! মণিপুৰ, নাগালেণ্ডে আনন্দেৰে হাত জোকাৰিব …! মিজোৰাম, ত্ৰিপুৰাইও সমন্বয়ৰ বানী শুনাব ….! ভূটান , অৰুণাচলে গঠনাত্মক খোজ পেলাব…! অসমৰ মানচিত্ৰ সুবিশাল হৈ ভাৰতত জ্বিলিকি ৰব…! হৃদয়ৰ বানী হৃদয়ে শুনিব ; প্ৰগতিশীল তাৰ খোজত সমন্বয়ৰে খোজ পেলাব..! সকলোৱে একেস্বৰে চিঞৰি কব…. জয় আই সুবিশাল মোৰ অসম জননী
Comments