যিমানেই যি নহওক মোৰ গাওঁখনেই মোৰ জন্ম ঠাই , লগ -সমনীয়াৰ লগত খেলা ধূলা কৰি ডাঙৰ দীঘল হোৱা মোৰ মৰমৰ ঠাই ।
মোৰ অন্ধকাৰ গাঁৱখনতেই সপোন দেখো এটা নতুন দিগন্তৰ । সপোন দেখো শিক্ষাৰ জ্যোতিৰে আলোকিত এখন নতুন ভাৰতবৰ্ষৰ । সপোন দেখো এখন সুন্দৰ সমাজৰ । সপোন ৰচো সোনোৱালী ভবিষ্যতৰ ।
মোৰ গাওঁখনতেই বিচাৰি পাওঁ মোৰ সোনোৱালী শৈশৱ। অনেক দুখৰ মাজতো ইয়াতেই বিচাৰি পাওঁ জীৱনৰ আচল সুখ । আৰু অনেক ধুমুহাৰ মাজেদি ইয়াতেই পঢ়া-শুনা কৰি আজি মানুহ হ’লো আন দহজনক মানুহ বনাবলৈ।
যিমানেই যি নহওক মোৰ গাওঁখনেই মোৰ জন্ম ঠাই , লগ সমনীয়াৰ লগত খেলা ধূলা কৰি ডাঙৰ দীঘল হোৱা মোৰ মৰমৰ ঠাই।
Comments