top of page

ম্লান পৰিল পাহাৰৰ ৰূপ

অ’ পাহাৰ! তোৰ ৰূপ দেখি দুঃখ লাগি যায়; তোৰ আগৰ বিনন্দীয়া ৰূপ সমূলি নাই | সেউজী পাতেৰে ভৰা সুন্দৰ গছবোৰ ম্লান পৰি গ’ল; আগৰ সৌন্দৰ্য নোহোৱ হ’ল| তোৰ ওপৰত চলিল জীৱশ্ৰেষ্ঠ মানৱৰ তাণ্ডৱ লীলা | তোৰ উদৰজাত ডাঙৰ ডাঙৰ গছত পৰিল চোৰাংবেপাৰীৰ আক্ৰোশী হাতোৰা | খানি-কুৰুকি কৰি পেললে বিভৎস| পাহাৰ কাটি কাটি ঘৰৰ ওপৰত ঘৰ সাজি সাজি নিঃশেষ কৰিপেলাইছে তোৰ বক্ষ | লালসাত উদ্মাদ নৰপিশাচহঁতৰ দয়া নাই ,ক্ষমা নাই| কেৱল লাগে টকা আৰু টকা | টকাৰ খকে মানুহক অমানুহ বনালে, মাতৃৰ প্ৰতি মমতা হীন হৈ চলাই গৈছে কেৱল তাণ্ডৱ আৰু তাণ্ডৱ!

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page