ম’বাইল গেম
- Sahitya Chorcha
- Dec 26, 2020
- 1 min read
কাণ কৰ কাণ দি মন দি কঁকালত টঙালি বান্ধি, শুনা নৱপ্ৰজন্ম ম’বাইল গেম এবিধ যান্ত্ৰিক খেল হে নহয় কিন্তু জীৱন সাৰথি সমুচিত সময়ত সমুচিত ভাৱে ব্যৱহাৰ কৰিলে পাবা ইয়াৰ বিপাক। অসমুচিত সময়ত অসমুচিত ভাৱে ব্যৱহাৰ কৰিলে জীৱন হ’ব এলাইবাদু সময় হ’ব টালি-বাজি শৰীৰ হ’ব ধোদৰ-পচলা আপোনজন হ’ব চকুৰ কূটা দাঁতৰ শাল সম্পৰ্কবোৰ হ’ব কাঠচিতীয়া। হেৰুৱাই পেলাবা প্ৰতিভা হেৰুৱাই পেলাবা জ্ঞানস্পৃহা হেৰুৱাই পেলাবা কৰ্মণ্যতাৰ মানসিকতা।
Comments