top of page

মানুহে মানুহৰ বাবে

শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ এটি জনপ্ৰিয় গান মানুহে মানুহৰ বাবে যদিহে অকনো নেভাৱে অকনো সহানুভূতিৰে ভাবিব কোনেনো কোৱা।

আমি সদায় সকলোৱে এজনে আনজনৰ কথা ভাবিব লাগে। আমি এজনে আনজনৰ দুখ/সমস্যাবোৰক নিজৰ সমস্যা বুলি সমাধান কৰিব লাগে। যদি আমি সকলোৱে আনৰ দুখ/সমস্যাবোৰ নিজৰ সমস্যা বুলি ভাবি সমধান কৰো তেতিয়া হয়তো এদিন সকলোৰে জীৱনৰ পৰা দুখ আতৰি যাব । মানুহে মানুহৰ বাবে …… চিন্তা কৰিব লাগে । ধনী , দুখীয়া বুলি নাভাবি আমি সকলোৱে মানুহ বুলি ভবা উচিত। দুখীয়া মানুহজনৰো বহুত আশা থাকে । দুখীয়া মানুহৰো সৰু বৰ সপোন থাকে । দুখীয়া মানুহজনৰো ভালদৰে দুসাজ ভাত খাবলৈ মন যায় । সমাজত বহুত মানুহ আছে যিয়ে আনক সহায় কৰি ভালপায় , আনৰ দুখৰ সমভাগী হৈ ভালপায় । কিন্তু সমাজত এনেকুৱাও কিছুমান মানুহ আছে , যিবোৰ মানুহে নিজৰ মাক দেউতাককো বৃদ্ধাশ্ৰমত থয় , নিজৰ লৰা ছোৱালীকো অনাথ আশ্ৰমত থয় । কিন্তু তেওঁলোকৰ ভুল কি ? সদায়েই এজনৰ আনজনৰ বাবে মৰম/ভালপোৱা থকা উচিত । মানৱতাক আমাৰ মনৰপৰা হেৰাই যাব দিব নালাগে । পৰাপক্ষত সকলোকে নিজৰ বুলি ভাবি সহায় কৰিব লাগে । আমি সকলো মানুহেই মানুহৰ বাবেই ….. . জীয়াই থাকিব লাগিব। জীৱনত দুখ নাথাকিলে সুখৰ উপলদ্ধি কৰিব নোৱাৰি । কিন্তু জীৱনটোত অত‍্যন্ত দুখতো সুখ উপভোগ কৰিব লাগে।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page