মানুহেই এইখন পৃথিৱীত সৌন্দৰ্যৰ সূৰ্য্য
- Mar 5, 2021
- 1 min read
মায়ামোহ আবিষ্ট দুৰ্ভেদ্য দুৰ্গম দূৰ্গ হয় যদি চুৰ্ণ বিচুৰ্ণ কালশ্ৰোত নিৰুদ্ধ হৈ হ’লে বেদশূন্য স্থিতপজ্ঞ যোগ সমাধিস্থ নিশ্চল অচল স্পন্দনহীনতাৰে আচন্ন অচিন অনাহুত ধ্বনি প্ৰতিধ্বনিৰ অভ্যান্তৰত নিৰন্তৰ অনন্ত ব্ৰহ্মজ্যোতি হ’ব প্ৰস্ফূটিত
জাগ্ৰত সমাধি দিব্য মহিমা প্ৰাপ্তিৰে সৰ্বতে দৃশ্যমান হ’ব ব্ৰহ্মময় বসন্তৰ অপূৰ্ব দৃশ্য
দেখিবা বুজিবা মন প্ৰাণ আত্মাৰে অনুভৱ কৰিবা মানুহেই এইখন পৃথিৱীৰ সৌন্দৰ্যৰ সূৰ্য্য সকলো জীৱয়েই অচিন্ত্য ঈশ্বৰৰ অংশ




Comments