top of page

মৌন প্ৰেম

  • Sahitya Chorcha
  • Dec 25, 2020
  • 1 min read

চকুৱে যেতিয়া কথা কয় শব্দবোৰ লুকাই ওঁঠত। মৌন হৈ ৰয় ওঁঠ।

চাৰি চকুত জিলিকি উঠে প্ৰেমৰ মাদকতা।

উশাহ বোৰ ঘন হয়।

হৃদয়ত বাজি উঠে প্ৰেমৰ বীণা।

বেলিয়ে লুকা ভাকু খেলে বৰষুণৰ লগত।

বতাহত নাচে মন। হৃদয়ৰ প্রজাপতি উৰি উৰি যায় প্রিয়তমৰ দুবাহু বিচাৰি ।

দুটি মন এটি হৈ গাই গুণগুণ , বাজি উঠে মিঠা ৰুণজুন।

Comentários


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page