মাতৃস্নেহ
- Feb 5, 2021
- 1 min read
অশ্ৰু সিক্ত নয়নেৰে চাই ৰৈছে এই বৃদ্ধ চকুহালে তোলৈ বোপাই। বহু দিন হ’ল তোৰ একো খবৰেই নাই। তই আগতে মোক এৰি এক্ষন্তেকো নাথাকিছিলি এতিয়া বাৰু মোক এৰি সুখত আছনে তই? তই মোক টকা পইচা দিব নালাগে সোন, সময় পালে এপাক চাই যাবি তোক নেদেখা যে বহু দিন হ’ল তোৰ কাৰণে হয়তো মোক নেদেখা বেছি দিন হোৱা নাই কিন্তু মোৰ কাৰণে এটা এটা ক্ষণ যেন বহু যুগ সোন ইয়াত মোৰ একোৰে অভাব নাই মোৰ দৰে আছে অনেক এই বৃদ্ধাশ্ৰমত বোপাই সিহঁতেই এতিয়া মোৰ বুকুৰ আপোন, হ’লেও তোলৈ মনত পৰে ভয় লাগে কিজানি অন্তিমক্ষণত তোক দেখা নাপাওঁ বুলি। তই খোৱা-বোৱা কৰিছ নে নাই তোৰ বেমাৰ হৈছে নেকি? এইবোৰ ভাবনায়ে আমনি কৰে। তই কুশলে থাক বোপাই ঈশ্বৰক এটায়ে প্ৰাৰ্থনা কৰি যাম, জীৱনৰ শেষ কালত নহয় যেন তোৰো গতি মোৰ দৰে, তোক লগ পোৱাৰ আশা বুকুতেই ৰৈ গ’ল সোন।




Comments