top of page

মাতৃভূমিৰ মনোকষ্ট

  • Sahitya Chorcha
  • Jan 22, 2021
  • 1 min read

মোৰ মন আজি আথান বুকু বিষন্ন বিৰাগ ছহিদে তেজ দি স্বাধীন কৰিলে মোক ছহিদে জীৱন উচৰ্গা কৰি জন্ম দিলে অসম ভূমিক।

যি ভূমিয়ে আকৌ জন্ম দিলে শংকৰ মাধৱৰ পৰা আদি কৰি সহস্ৰ শাশ্বত মহাপুৰুষক।

যি ভূমিয়ে ভূমিস্থ কৰিলে মাধৱ কন্দলী, বেজবৰুৱাকে আদি কৰি সহস্ৰ কালজয়ী সাহিত্যিক।

যি ভূমিয়ে জনম দিলে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদকে আদি কৰি সহস্ৰ যুগজয়ী শিল্পীক।

কিন্তু আজি মোৰ মন আথান বুকু বিষন্ন বিৰাগ সৰ্বত্ৰে ৰঙা পিকৰ ৰঙীনতা দেখি। ছহিদৰ ৰঙা তেজবোৰ আঁতৰি মোৰ বুকুখন ৰঙা কৰিলে বিবেকহীন মানৱৰ ৰঙা পিকবোৰে। কেতিয়াবা ভাৱো এয়া জানো শংকৰ, আজান লাচিত, মূলা গাভৰু, কনকলতা, সতী জয়মতীয়ে এৰি যোৱা অসম মাতৃৰ ভূমি হয়নে?

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page