top of page

মাতৃ তুমি অনন্যা

  • Feb 10, 2021
  • 1 min read

আকাশৰ নীলাবোৰ যদি নাইকীয়া হয় হওঁক।

সাগৰৰ পানীবোৰ যদি শুকাই যায় যাওঁক।

পৃথিৱীখন যদি ধ্বংস হয় মহা প্ৰলয়ত হওঁক।

তথাপি তুমি মোৰ মনৰ চুকতে থাকিবা চিৰদিন।

তুমি মোৰ হিয়াৰ আপোন কলিজাৰ টুকুৰা।

কাৰণ তুমি মোক তোমাৰ কোষত স্থাপন কৰি পৃথিৱীলৈ আনিলা।

তোমাৰ বুকুৰ এসাগৰ মৰমৰ উমেৰে পালন কৰিছা মোক যতনেৰে।

সেয়েহে মাতৃ তুমি অনন্যা তুমি দয়াশীলা তুমি সহনশীলা।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page