মাতৃত্তৰ সুখ
- Sahitya Chorcha
- Apr 28, 2021
- 1 min read
জীৱনৰ উপলব্ধি গভীৰ সুতীব্র হয় যেতিয়া এগৰাকী নাৰী মাতৃত্বৰ ৰূপ লয় মাতৃত্বও যে এক সুকীয়া সৌন্দৰ্য যত শকতি প্রণামো নামত ব্যক্ত চৰ্চিত..
এগৰাকী মাতৃয়ে বহুতো কল্পনাৰ ৰং সানে নিজ গৰ্ভত স্হিতি লোৱা কোষক লৈ বাঢ়ি অহা বিন্যাসত হাত বুলাই থৈ বহুতো অনুসৰণৰ তৃপ্তিৰ কথা পাতে…
নিষ্প্ৰৱ সন্তানে যিদিনা প্ৰথমবাৰ কব “মা” আস! এইয়া যে মাতৃৰ অমিয়া সপোন নিজ গৰ্ভত স্থিতি লোৱা সন্তানৰ ফুটি অহা এক চেনেহৰ শব্দ ” মা” শুনা..
৯মাহ ১০দিন গৰ্ভত সযতনে ৰাখি এদিন কান্দোন ভাঁহি আহে পৃথিৱীলৈ মাতৃৰ কোলাত মাতৃত্বৰ সুখ ঢালি বিষৰ অশ্ৰুক কঢ়িয়াই নিয়ে দিগন্তৰলৈ শিশুটিৰ মৰমসনা মুখনিয়ে যেন মাতৃৰ বিষৰ মাজতো দিয়ে শান্তিৰ প্ৰেৰণা শিশুটিৰ পিয়াসে দিয়ে মাতৃক “মাতৃত্বৰ সুখ”
আস! ইউ যে সৃষ্টিৰ এক উন্মাদ বাসনা… “মা”
Comments