“মেজিৰ জুই”
- Sahitya Chorcha
- Jan 12, 2021
- 1 min read
ৰাতিটো নিয়ৰত তিতি তিতি ক্ষণ গনিছিল দোকমোকালিলৈ কাউৰীয়ে কা কা কৰি উপৰেদি পাৰ নহওতেই জ্বলিব উমি উমি, উমাল পৰশত আশাবোৰ সাহসী হব, শেঁতা পৰা কলিজা ৰাঙলী কৰি আকাশত উৰিব সপোনৰ ফিৰিঙতি, মেজিৰ জুই কেৱল একুৰা জুইয়েই নহয়, নহয় ই বিচ্চেদৰ ! কিম্বা প্ৰতিশোধৰ লেনিহাল।
এই জুই মিলনৰ জুই, এই জুই সমন্বয়ৰ জুই, এই জুই আৰ্শীবাদৰ জুই এই জুই পন কৰাৰ জুই এই জুই সাহসৰ, প্ৰেৰণাৰ, একতাৰ জুই এই জুই স্বাভিমানী অসমীয়াৰ বৰঅসমৰ জুই এই জুই বুঢ়ালুইতৰ পাৰ জিলিকি তোলাৰ জুই সেয়ে এই জুই নহয় কেতিয়াও কলিজা পোৰাৰ জুই এই জুই আমাৰ মেজিৰ জুই।
Comentarios