top of page

মিছিকি হাঁহিৰ ল’ৰা বোৰ বৰ মৰম লগা

  • Sahitya Chorcha
  • Dec 30, 2020
  • 1 min read

মুখত হাঁহি লৈ নিতৌ নতুন সৃষ্টিৰ বাবে দৌৰি ফুৰা ল’ৰা বোৰক বৰ মৰম লাগে। হাঁহি বোৰত লীন হৈ থাকে অজশ্ৰ ভালপোৱাৰ ৰঙীন ছবি, মুখমণ্ডলত ফুটি উঠে যেন সপোনৰ ৰাজকোঁৱৰ, আৰু চকুৰ চাৱঁনিত অনেক গাভৰুৱে সান্নিধ্য বিচাৰে, সেই মিছিকি হাঁহিৰ চঞ্চলা ডেকাৰ প্ৰেয়সী হ’বলৈ। ঠিক তোমাৰ দৰে সহজ মনৰ ল’ৰা বোৰক কৈছোঁ নহয় বৰ মৰম লাগে।

তোমাৰ অনুভবি মনটোক বুজি পোৱাটো মোৰ বাবে কষ্ট হ’ব, তোমাৰ চঞ্চলা মনৰ উমান লোৱাটো মোৰ বাবে সহজ নহব, তোমাৰ ব্যক্তিত্বৰ সৈতে এক হোৱাটোও চাগে মোৰ বাবে এক বুজাব নোৱাৰা সাঁথৰ হৈ পৰিব। তথাপিও ভাল পাবলৈ মন যায় তোমাক তোমাৰ স্নেহাসিক হৃদয়ৰ গৰাকী হৈ ওচৰৰ পৰা তোমাক চাবলৈ মন যায়। কিয় বাৰু এনে হয় তাকো নাজানো তোমাৰ চুলি খিনিৰ বাবেই তোমাক ইমান মৰম লাগে নে তোমাৰ মিছিকি হাঁহিৰ সপোন দেখাৰ বাবেই তোমাক ইমান বেছি মৰম লাগে, তোমাৰ দৰে ল’ৰা বোৰ কিন্তু, বেচ্ ধুনীয়া।

ঐ শুনানা, মই যদি তৰা হওঁ তুমি বাৰু জোন হবানে, মই যদি গান হওঁ তুমি বাৰু সুৰ হবানে, আৰু, মই যদি তোমাৰ হওঁ তুমি বাৰু মোৰ হবানে। জানো, তোমাৰ বাবে মই যোগ্য নহওঁ, তথাপি ভাল পাওঁ তোমাক।

তোমাৰ হাঁহি বোৰৰ মাজত যদি মোৰ মনটোক বান্ধি ৰাখোঁ তুমি বাৰু কষ্ট পাবা নেকি? তোমাৰ দুবাহুৰ মাজত যদি মই মুৰ থৈ টুপনি যাওঁ তুমি বাৰু বেয়া পাবা নেকি? মোৰ বিশ্বাস, তুমি এদিন মোৰ হবা, আৰু সেইদিনাই নতুনকৈ জীৱনে প্ৰাণ পাই উঠিব, এতিয়া থাকক দিয়া এনেকৈয়ে ভালপোৱা বোৰ এনেকৈয়ে থাকক।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page