top of page

মৰ্ম্মাহত হৃদয়

সাধনাৰ ৰণুৱা সৈনিক, ওখোৰা মোখোৰা পথ উজুতিত চিগে নখ, ইচ্ছাশক্তি প্ৰৱল উদ্যম সৱল, তথাপিও অবাঞ্চিত সমালোচনাত মৰ্ম্মাহত হৃদয়।

ভাবুক স্বভাৱ লগৰী জীৱনৰ, উদাসী ভাৱনা জিৰাই নিহালি খনত, বিমুৰ্ত্ত মুহুৰ্ত্তৰ কঠিন সময় পাৰ হয় নিৰ্জণতাত।

কল্পনাত বিভোৰ চেতনাত বিমোৰ প্ৰাণৱন্ত পৃথিৱী খনলৈ ভ্ৰূক্ষেপ নাই সাধনাৰ পথাৰ খন সীমাবদ্ধ এটি জীৰ্ণ কুটিৰত।

নীৰৱ সাধনাই জীৱন, দাং বৰলা বুলি সকলোৱে কয় পৰিয়াল নাই, লাই লফা পালেং শাকেৰে ৰান্ধি ভাত সাজ তৃপ্তিৰে খায়।

সাধনা এক অসাধাৰণ ক’লা নৱ সৃষ্টিৰ ধাৰা বৈ যায় সাহিত্য সাংস্কৃতিৰ আপুৰুগীয়া যাউতি যুগীয়া সমল বিচাৰি বোটলি লয়।

মন চহকী যদিও দাড়ি চুলি কাটিবলৈ পাহৰিছিল, খোজ গহীন গম্ভীৰ , গলগলীয়া কণ্ঠৰ মৰ্ম্মাহত হৃদয়, কেটলিটোৰ বাহিৰ খন কলা চামনি ধৰিছিল কাৰণ ফিকা চাহ পছন্দ আছিল।

কৃষ্টি সৃষ্টিৰ প্ৰতি ওচৰ চুবুৰীয়াৰ অনুৰাগ নাছিল সাংস্কৃতিৰ পুজাৰী জনৰ প্ৰতি বিৰাগ পুহি ৰাখিছিল কলাকাৰ বুলি এবাৰলৈও ভবা নাছিল।

পুৱাৰ ৰ’দ জাক বিচাৰি নুফুৰে, সন্ধিয়া লাইটৰ পোহৰত নিজান কোঠাত বহি ডায়েৰি পাতত লিখিছিল আজুৰি বিচাৰি অনা কথাবোৰ।

নিশা ফেউৰাৰ চিঞৰত সাৰ পালে এড়ি চাদৰ খন গাত মেৰিয়াই লৈছিল, গভীৰ নিশা টোপনীতো খেপিয়াই বিচাৰিছিল সমৃদ্ধিৰ উৎস।

পিন্ধা কাপোৰ যোৰা অতি পৰিপাটি আছিল, কান্ধত জোলোঙা এটা ওলোমাই লৈ ফুৰিছিল, কলমটো লগত আছিল, টোকা বহী খন সযতনে ৰাখিছিল।

টলৌ টলৌ কৈ ঘূৰি ফুৰা মানুহ জনৰ পোহনীয়া মন এটা আছিল উৎসুকতাৰে পুথি ভড়ালত উৱলি যোৱা কিতাপ খুচৰি ফুৰিছিল আনৰ পেৰাৰ পৰা সাঁ‌চিপাতৰ পুথি লুৰুকি আনিছিল আৰু জোলোঙাত সামৰি ঘৰলৈ খোজ লৈছিল।

অহৌ বলীয়া মানুহ সকলোৱে সেই বুলি জানে, বহুতে মুখ ৰোছক কাহিনী সৃষ্টিৰে উপলুঙা কৰিবলৈ কুণ্ঠা বোধ কৰা নাছিল।

সাংস্কৃতিৰ নৱ সৃষ্টিৰ বাহক, আৱৰ্জ্জনাময় পৃথিৱীৰ গৰ্বিত হৰিজন বিস্ময় সৃষ্টি প্ৰেৰণাৰ উৎস, ৰহস্য সন্ধানৰ মেটমৰা ভড়াল ফৰিংফোটা জোনাকৰ দৰে উজ্জ্বল মুখ।

এই নিৰ্ম্মল আত্মা ঘোপ মৰা আন্ধাৰ নিশাৰ দুৰ্ব্বল সময়ত এদিন স্তব্ধ হ’ল হৃদয়, উশাহ বন্ধ হোৱাৰ সঠিক সময় কোনেও নাজানিলে।

পুৱা মৃত্যুৰ বাতৰি বিয়পি পৰিল সংবাদ সেৱী সকল, টেলিভিচন চেনেল কেইটা উৎসুক অনুৰাগী দুই এজন অনুষ্ঠান প্ৰতিষ্ঠানৰ সদস্য সকল দৌৰি আহি ভীৰ কৰিলেহি।

সাংস্কৃতিৰ পুজাৰী নিৰ্ম্মল হৃদয়ৰ মানুহ জনক হিয়া উজাৰি সমবেদনা জ্ঞাপন কৰিলে ফুল ছটিয়ালে।

কৃত্ৰিমতা লুকুৱাই অকৃত্ৰিম ভাৱে বহু জনে শ্ৰদ্ধা যাঁ‌চিলেহি আৰু চিৰ নিদ্ৰিত আত্মাই হাঁ‌হিবলৈ আজৰি সময় নাপালে।

জীয়াই থকাৰ মৰ্ম্ম বেদনা আপোচ বিহীন সংগ্ৰামী চেতণাৰ কৰুণ জীৱন গাঠা সকলোৱে এতিয়াহে উপলব্ধি কৰিলে।

শাস্বত মন মৰ্ম্মাহত হৃদয় আৰু নিঠৰ শৰীৰটো চিৰ শান্তিৰ প্ৰৰ্থণাৰ শেষত চিতাৰ ধোঁ‌ৱাই লৈ গল উৰুৱা ছাঁ‌ই হৈ ৰ’ল অৱশিষ্ট খিনি।

0 views0 comments

Related Posts

See All
bottom of page