মৰিচিকা
- Sahitya Chorcha
- Jan 14, 2021
- 1 min read
সোনগুটি কেইটা লৈ আঘোনৰ চোতালত সোনামুৱাৰ সপোন মুখত বিৰিঙিছে প্ৰাপ্তিৰ নিশ্বাস। বুকুৰ ঘাম মাটিত পেলাই কঢ়িয়াই অনা সোনগুটি কেইটাত কি আছে বাৰু? অতীত হৈ যোৱা কাতি মাহৰ অভিশপ্ত দিনকইটা পাহৰণিৰ গৰ্ভত লুকুৱাই উদৰপূৰাই কচু আৰু ঢ়েকীয়াৰ জুতি লগা এসাজেৰে যেন পাহৰিব বিচাৰিছে হাড় কপোৱা শীতৰ ফটা কথাৰ উমে ধৰি ৰাখিব নোৱাৰে প্ৰচণ্ড ঠেৰেঙা লগা শীতৰ ৰাতিটো।
মাঘ আহি পালেহিয়েই দেখোন। ঠাণ্ডা পুৰিব লাগিব। কানি-মুনি বেলা বুটলি অনা লাগনি কেইডালকে সযতনে ৰাখি সংক্ৰান্তিৰ দিনা ভেলাঘৰ সাজি ঠৰঙা শীতৰ দিনকেইটা অগ্নিদেবতাৰ ওচৰত আগবঢ়াই দি পাহৰি থাকিব লাগিব। ন’হলে যে শীত আকৌ আহিব। তথাপিতো, সোনগুটি কেইটাই আনিদিয়া ক্ষনিক সময়ৰ প্ৰাপ্তিয়েই যেন সোনামুৱাৰঅনাগত দিনবোৰৰ বাবে বিচাৰি ফুৰা পোৱা আৰু নোপোৱাৰ মৰিচিকা।
Comentarios