অ’ মা আজি তোমালৈ বৰকৈ পৰিছে মনত, কেনে আছা বাৰু তুমি!!!!! মই যে আগতে বেলি পৰলৈ শুই আছিলো তুমি যে কৈছিলা আনৰ ঘৰলৈ উলিয়ায় দিলে কি যে হ’ব তোৰ!!!! অ’ মা তুমি মিছাতে চিন্তা কৰিছিলা আজি কালি মই কাউৰীয়ে কা নকৰোতে উঁঠো। আৰু কি জানা মা আগতে যে মোৰ সাধাৰণ পানী লগা জ্বৰ হ’লেই পৰি থাকিছিলো বিছনাত এতিয়া মোৰ বেমাৰ হ’লেও আহৰি নাই। যোৱাকালি মাছ কাটোতে আঙুলিটোয়ে কাটিলে হ’লেও মই কাম কৰিয়েই আছো এহ্ বৰ বেছি চিন্তা নকৰিবা, অলপমান হে কাটিছে। আজি যে উজুতি খাই সোঁ ভৰিৰ বুঢ়া আঙুলিৰ নখটোয়ে উঘালি গ’ল, আয়ৈ বৰ বিষাইছে মা তুমি ও চাকে মই তোমাক মনত পেলোৱাৰ দৰে মোক মনত পেলাইছা ন’ মা। সেয়ে চাগে মই উজুটি খালো। অ’ মা তোমাৰ হাতৰ ভাত খাবলৈ বৰকৈ মন গৈছে!!! কিন্তু মই বুজো মা যাওঁ বুলিয়েটো যাব নোৱাৰো তোমাৰ কাষলৈ। অ’ মা মই যদি ছোৱালী নহৈ ল’ৰা হ’লো হয়!!!! চিৰদিন তোমাৰ কাষতে ৰ’লো হয়!! তোমাৰ শ্ৰী চৰণত মোৰ শতকোটি প্ৰণাম মা। মই আজি উপলব্ধি কৰোঁ মা তোমাৰো চাগে আগতে মই এতিয়া অনুভৱ কৰাৰ দৰে নিজৰ এৰি অহা মা ৰ ঘৰখনলৈ মনত পৰিছিল নহয় নে মা। হ’ব দিয়া বহুত লিখিলো। আজিলৈ ইমানতে সামৰিলো। শেষত ঈশ্বৰৰ ওচৰত তোমাৰ মংগল কামনা কৰিলো।
top of page
The website is being updated and edited. Please share comments on contact page.
মৰমৰ মা
Related Posts
See Allbottom of page