top of page

মৰমৰ পত্নী

মোৰ নামত তোমাৰ শিৰত সূৰ্য উঠে সেন্দুৰৰ, মোৰ নামত তুমি দেখা এখন সেউজীয়া সপোনৰ ঘৰ।

মোৰ নামতে উচৰ্গা তোমাৰ উশাহ নিশাহ, মোৰ নামতেই দান, তোমাৰ সাচতীয়া যৌৱন।

মোৰ নামতেই সপোন, মোৰ নামতেই বাস্তৱ, মোৰ নামতেই মাতৃত্বৰ বাসনা জন্ম হয় তোমাৰ।

মোৰ নামতেই সহ্য কৰিব পাৰা সমস্ত সংসাৰৰ যন্ত্ৰণা, দান কৰা তুমি মোক পিতৃত্বৰ অহংকাৰ।

অথচ, বুজিও নুবুজো, দেখিও নেদেখো, নিজেই পুৰি পুৰি, মোক পোহৰাব খোজা এয়াই তোমাৰ নিস্বাৰ্থ স্বাভিমান।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page