top of page

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

একশৰণ ভক্তিধৰ্মৰ প্ৰচাৰক অসমীয়া নাট্যকলাৰ জন্মদাতা, অসমীয়া জাতি-সাহিত্য আৰু কৃষ্টি-সংস্কৃতিৰ নিৰ্মাতা।

বিধিৰ বিপাকত সৰুকালতে ঘটে পিতৃ-মাতৃৰ বিয়োগ , তেওঁৰ লালন-পালনত বুঢ়ীমাক খেৰসুঁতিৰ মনোযোগ ।

পঢ়াত নাছিল বাল্যকালত বৰ বিশেষ ধাউতি , মহেন্দ্ৰ কন্দলিৰ টোলত জীৱনযাত্ৰাৰ সুদিশত গতি।

অ-আ ক-খ ৰে বিদ্যা আৰম্ভ কৰে , “কৰতল কমল” ৰচনা কৰি সকলোকে অভিভূত কৰে।

সমগ্ৰ ভাৰতবৰ্ষত শংকৰদেৱৰ তীৰ্থ ভ্ৰমণ, ভক্তি ধৰ্ম প্ৰচাৰত বলি বিধান হয় দমন।

সকলোকে কৰে একত্ৰিত ভিন্ন ধৰ্মীয় বিশ্বাস , সৰ্বোত্তম ধর্মীয় পন্থা ভক্তি ধৰ্মৰ আশ্বাস।

অসমৰ চিৰস্মৰণীয় শংকৰ-মাধৱৰ মিলন, অসমবাসীৰ বুকুত ঢৌৰূপী ভক্তি আন্দোলন।

অভিন্ন-অতুলনীয় এয়া মণি-কাঞ্চন সংযোগ, অসমৰ সামাজিক জীৱনত এটি নৱ-দিগন্তৰ যোগ।

0 views0 comments

Related Posts

See All

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page