top of page

মহানতা

মাক-দেউতাকৰ মৃত্যুৰ পিচত মণিমালা নিঠৰুৱা হৈ পৰিল| বায়েকৰ ঘৰত থাকিয়েই তাই কোম্পানী এটাত চাকৰী কৰি আছে| কোম্পানীলৈ আহি থাকোঁতেই এদিন ডাঃ অৰূপ চলিহাই তাইক লগ পালে| দুয়ো চিনাকী হ’ল| ইজনে সিজনৰ বিষয়ে সকলো কথা জনাৰ পিচত অৰূপৰ তাইৰ প্ৰতি অনুকম্পাৰ ভাৱ জাগি উঠিল| তাইৰ দুখৰ কাহিনীবোৰ জনাৰ পিচত তেওঁ মণিমালাক আপোন কৰি ল’বলৈ সিদ্ধান্ত ল’লে| তাইক বিয়াৰ প্ৰস্তাৱ দিলে| এজন ডাক্তৰে ইমান দূৰ্ভগীয়া ছোৱালী এজনীক বিয়াৰ প্ৰস্তাৱ দিয়াত মণিমালাই বিশ্বাস কৰিবলৈ টান পাইছিল| তাই অৰূপক সুধিছিল, “আপোনাৰ দৰে লোক এজনে মোৰ নিচিনা ছোৱালী এজনী বিয়া পাতিবলৈ প্ৰস্তাৱ দিয়াত মই নিজেই আচৰিত হৈছো; কি দেখি মোক বিয়া পাতিবলৈ বিচাৰিছে?” অৰূপে হাঁহি উত্তৰ দিলে,” মানৱতা|” “তাৰমানে আপুনি মোক পুতৌ কৰিবলৈ বিচাৰিছেনে?” “তুমি কিয় তেনেকৈ ভাবিছা মণি? ম়ই তোমাৰ দুখৰ সমভাগী হৈয়ে এই সিদ্ধান্ত লৈছে| তাত তোমাৰ আপত্তি কিয়?” “মোৰ আপত্তিৰ কথা নাই|কিন্তু আপোনাৰ মানৱতা দেখিহে অভিভূত হৈছো|” “এইয়া মোৰ নহয় ,মোৰ স্বৰ্গীয়া মাৰ প্ৰতি মোৰ কৃতজ্ঞতা| মাও আছিল তোমাৰ দৰেই দূৰ্ভগীয়া|”

0 views0 comments

Comments


bottom of page