মন যায় মোৰ বসন্ত ঋতুৰ দৰে চঞ্চল হৈ সেউজীয়া ৰঙ সানিবলৈ; মন যায় মোৰ সাগৰৰ ঢৌত উঠি পাতালপুৰীৰ পৰা মাণিক বুটলি আনিবলৈ; মন যায় মোৰ ডাৱৰেৰে সজোৱা ঘৰখন হব; তাতে শুকুলা চাদৰ ঢাকি নিদ্ৰাই নিব সৰগৰ সপোন দেশলৈ বুলি; মন যায় মোৰ চন্দ্ৰ সূৰ্য্যৰ দৰে প্ৰকৃতিৰ সুন্দৰতাৰ সোৱাদ খাই জীয়াই থাকিবলৈ; আৰু কি মন যায় জানানে সখি! মন যায় মোৰ সপোন কোঁৱৰৰ আলিঙ্গনৰত হৈ চাৰি নয়নে বিশ্ব পৰিভ্ৰমন কৰিবলৈ; মন যায় উশাহৰ প্ৰতিপল আনৰ নামত লিখি যাবলৈ! মন যায় মনৰ বন্ধ দুৱাৰ খুলি কল্পনাৰ সাগৰত ওমলিবলৈ মন যায় মোৰ অতীতৰ ক্ৰুটি মোহাৰি ভৱিষ্যত সোণোৱালী দুৱাৰ মোকলাবলৈ!
top of page
The website is being updated and edited. Please share comments on contact page.
মন যায়
Related Posts
See Allbottom of page