মন ভাৱনাত
- Sahitya Chorcha
- Jul 16, 2021
- 1 min read
জিঁয়া জিঁয়া পাখি মেলি মনৰ আবেগ ঢালি সণোৱালী জীৱনৰ কাহিনী ফুল সৰা গধূলি আনিবাচোন এদিন বুটলি…..
অবিৰাম গতিৰে মনৰ উৎফুল্লিত ভাৱেৰে বননিত সুললিত কণ্ঠত কুলি-কেতেকীৰ গীতেৰে নিজক চাবাচোন এদিন স্বচ্ছ দাপোনেৰে……
অবিৰাম ভাবে অভিলাসেৰে পাৰিলে বিলাবাচোন সপোন দিঠক কৰিব খোজা জনৰ বাবে……
মোৰো বহুত মন আছিল কিন্তু ক’ৰবাত মনৰ ভাৱনাত ভাগৰি পৰিলোঁ আৰু কাৰোবাৰ স্বাৰ্থত হেৰাই গ’লো…..…!
যদিও ক’ৰবাত কাৰোবাৰ স্বাৰ্থত হেৰাই গ’লো..…. তথাপিও মই আজি নিজেই নিজক সত্য পথত অভিন্ন ভাবে অহৰ্নিশে মন ভাৱনাত বিচৰণ কৰালোঁ……..
Comments