top of page

মনৰ ঠিকনা বিচাৰি

  • Sahitya Chorcha
  • Jan 11, 2021
  • 1 min read

মনৰ আশাবোৰ দূৰ দিগন্ত ভেদি পাখি মেলে আকাশ চুবলৈ| নিয়ঁৰৰ মুকুতা সৰা দুবৰিত খোজ থমকি ৰয়|

কুলৰ তলত ধিমিক্- ধামাক জ্বলি থকা জোনাকী জাকে মেলি দিয়ে আশাৰ পানচৈ| নদীৰ কাষৰ শুভ্ৰ কঁহুৱাৰশাৰীবোৰেে মন লৈ যায় দূৰ- দূৰলৈ|

আকাশেদি উৰি যোৱা শৰালী জাকৰ চিঁ চিঁ শবদে মনৰ মাজত দোলা দিয়েগৈ| শাৰী শাৰী বগলীজাকে অনাবিল মাদকতা আনে মনলৈ|

ক্ষণিকতে মন উৰা মাৰে আকাশলৈ ক্ষণিকতে উৰা মাৰে সাগৰলৈ ক্ষণিকতে উৰা মাৰে পাতালৰ বুকুলৈ| অস্থিৰ মনৰ ঠিকনা বিচাৰি পাবা ক`ত?

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page