মনৰ কল্পনা
- Jan 29, 2021
- 1 min read
কল্পনা বোৰ বোকোচাত বান্ধি পৰীভ্ৰমী চৰাই দৰে! ঘুৰি ফুৰো মুক্ত আকাশৰ তলত।
ওখোৰা মোখোৰা পথ উজুতিত ভাঙে মোৰ নখ কণ্টকেও বিন্ধে দুভৰিত।
তেজেৰে ৰাঙলী মোৰ দুভৰি ঘামত দেহ হয় জুৰুলি জুপুৰি।
তথাপি নাপাও ওৰ কল্পনাৰ সমাপ্তি বিচাৰি।
সময়ৰ সীমনাত আহে বহু অজুহাত!
তথাপি নাযায় এৰি, কঢ়িয়াই লৈ ফুৰো অৰ্হনিশে, কল্পনা বোৰ—— মোৰ আলসুৱা বোকোচাত বান্ধি।




Comments