top of page

মকৰাৰ জাল

  • Feb 5, 2021
  • 1 min read

জীৱন যুঁজত যুঁজিবলৈ। দূৰ দিগন্তৰ অভিপ্ৰায় লৈ পাতিছে চক্ৰবেহুৰ জাল। জীয়াই থকাৰ ভড়াল কোনোৱে ভাঙিছে তথাপিও পাতিছে, কৰিছে বিজয়ৰ পণ সাজিছে নৱ নৱতম একোখনকৈ জাল, পৰিচয় মকৰাৰ জাল

জীৱশ্ৰেষ্ঠৰ জীৱন পথত প্ৰতিজনেই যুঁজিছে জীৱনৰ একা বেঁকা ৰথত জীয়াই থকাৰ বাসনা লৈ দৈনিক কৰিছে কচৰত। সাজিছে সাৰ্থকতাৰ জাল। এজনে পাৰিছে, অন্যজন হাৰিছে। তথাপিও সাজিছে। জীৱন যুঁজৰ জাল।

চৌদিশে জাল জীৱন যুঁজৰ জাল। মকৰাৰ জাল, মকৰাৰ জাল।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page