top of page

মই ৰৈ আছো আজি

  • Sahitya Chorcha
  • Jan 4, 2021
  • 1 min read

দুদিনৰ বাবে আহি ৰৈ আছো মই আজি মহানগৰৰ মাজ মজিয়াৰ ব্যস্ত এটা ৰাজ পথৰ দাঁতিত

দুচকুত উন্মত্ত উন্মূক্ত বাস্তৱ কিযে আশ্চৰ্য তান্ডৱ

উলঙ্গ সভ্যতাই উদন্দ কৰা সময়ৰ উৎকত উৎপাত

উলঙ্ঘনৰ উত্তাল উত্তৰণ ধুসৰ ধুসৰ ভৱিষ্যত বিধ্বস্ত সঞ্জাত

পোহৰৰ আবিৰ সনা আন্ধাৰৰ সাম্ৰাজ্য এইখন সীমাচেৰোৱা অশ্লীলতা পদে পদে ভয় সন্ত্ৰাস বিভ্ৰাট ছদ্মৱেশী ভিক্ষাৰীৰ উৎপাত

মানুহে মানুহৰ বাবে ভাৱিবলৈ কাৰোৱেই সময় নাই ইয়াত

অত্যাধুনিক সভ্যতাৰ কিযে অত্যাধিক অবাধ অপ্ৰতিৰোধ্য অত্যাচাৰ

অসহ্য উন্মূক্ত উন্মত্ত আশ্চৰ্য পোহৰৰ বুকুত আন্ধাৰে ঢকা চাতুৰ্যচালিত বাস্তৱ বিভ্ৰাট

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page