top of page

মই হ’ম নীলকণ্ঠ

  • Sahitya Chorcha
  • Aug 18, 2021
  • 1 min read

মনৰ বিস্ফোৰিত আৱেগেৰে মোক ধুৱাই নপেলাবা।

হিয়াত হেচুকি ৰখা আশাবোৰ শুকাই যাবলৈ নিদিবা।

বুকুৰ বেদনাবোৰ চকুপানীৰ জীয়া ধলত উটুৱাই দিয়া সাগৰৰ বুকুলৈ।

শব্দৰ কোমল দলিচাত খোজ পেলাই বাৰে বাৰে খাওঁ উজুটি।

তীক্ষ্ণ বাক্যবাণত বিধ্বস্ত আগভোটা কাপেৰে বৰষিব অগ্নি স্ফুলিঙ্গ।

সপোনৰ ৰম্যপুৰীত বিচাৰি ফুৰিম কবিতাৰ সৌৰভ পান কৰি হৈ পৰিম নীলকণ্ঠ।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page