মই যুৱ খেতিয়ক
- Sahitya Chorcha
- Jun 10, 2021
- 1 min read
মই যুৱ খেতিয়ক হওঁ অসম দেশৰে, স্বাৱলম্বী খেতিয়ক হোৱাৰ যাত্ৰা সোণালী সপোনেৰে।
অহৰহ দিনে ৰাতিৰ কষ্ট মাটিত পেলাই কপালৰ ঘাম, সাম্প্ৰতিক কৰ’নাৰ বিনাশত ফচলৰ নাই প্ৰকৃত দাম।
প্ৰতিকূল বতৰত চুৰমাৰ প্ৰচণ্ড আশা-আকাংক্ষা, স্বাৱলম্বীৰ পাখিও নগজিল অথল সকলো প্ৰত্যাশা।
বতৰৰ অনিশ্চয়তাত খেতিৰ ব্যাপক ক্ষতিগ্ৰস্ত, ঢালিল আশাত চেঁচাপানী গ’ল স্বপ্নৰ বেলিও অস্ত।
Comentarios