top of page

মই মহা সংগ্ৰামী দুৰন্ত বাস্তৱ

  • Sahitya Chorcha
  • Dec 27, 2020
  • 1 min read

মই মহা বিপ্লৱ মই মহা তান্ডৱ মহা সংগ্ৰামী দুৰন্ত বাস্তৱ

সূদৰ্শণ চক্ৰ মোৰ অব্যৰ্থ অস্ত্ৰ মহা বিজয়েই মোৰ অবিকল্প লক্ষ্য কন্টকাকীৰ্ণ পথো আজি মোৰ বাবে নিষ্কন্টক মোৰ বাবে নাই দুৰ্জ্ঞেয় নাই দুৰ্গম সৰ্বকালে সবাতে মই অভ্যস্ত

প্ৰগাঢ় প্ৰোজ্বল অবিচল আত্মবিশ্বাসেই মোৰ অগ্নিগৰ্ভা তেজস্বী জয়শ্ৰী সতীৰ্থ শত্ৰু বিধ্বংসী তীব্ৰ গতি মোৰ দুৰ্বাৰ অনিৰ্বাৰ অনিৰুদ্ধ

মই দুৰ্বাৰ দুৰন্ত সংগ্ৰামী তীক্ষ্ণ শাণিত অস্ত্ৰেৰে মই সসস্ত্ৰ নহয় সন্ত্ৰস্ত নহওঁ পৰাস্ত অসম্ভৱ মোক কৰিবলে অৱৰুদ্ধ মহা পৰাক্ৰমী পৰাক্ৰমেৰে কঁপাম যুদ্ধক্ষেত্ৰ নেমানো পৰাজয় নহওঁ ব্যৰ্থ নহওঁ ত্ৰস্ত নহওঁ নহওঁ ক্লান্ত

বিপ্লৱ বিদ্ৰোহ প্ৰদীপ্ত নিৰ্ভীক কণ্ঠ মোৰ চিৰ উদাত্ত মই অসমৰ খিলঞ্জীয়া অসমীয়া দুৰ্জেয় মোৰ বীৰত্ব দুৰ্মদ গতি মোৰ নহয় স্তব্ধ

শত্ৰু বিধ্বংসী মোৰ শাণিত অস্ত্ৰৰ দুৰ্মদ গতি নহয় নহয় নমনীয় ৰুদ্ধ কৰিবলৈও নাই কাৰো সাধ্য

চিৰ স্বাধীনচতীয়া লুইতপৰীয়া নিৰ্ভীক মই খিলঞ্জীয়া অসমীয়া অসম অসমীয়া সুৰক্ষাই মোৰ আজন্ম লক্ষ্যদীপ্ত জলন্ত বিপ্লৱ

মই মহা বিপ্লৱ মই মহা তান্ডৱ মহাসংগ্ৰামী দূৰন্ত জলন্ত উগ্ৰ উতপ্ত অনিৰ্বাপিত বাস্তৱ

সত্য শুদ্ধ নিৰ্বিকল্প সংকল্প মোৰ অবিশ্ৰান্ত নিঃশেষ হ’বলৈ নিদিওঁ নিদিওঁ কোনোদিন কোনোপধ্যে খিলঞ্জীয়াৰ ঐতিহ্যদীপ্ত ঐশ্বৰ্যমণ্ডিত অস্তিত্ব

আজন্ম বিপ্লৱী মই সংগ্ৰাম মোৰ সতীৰ্থ অসমীয়া ভাষা সংস্কৃতিৰ চিৰযুগমীয়া সুৰক্ষা মোৰ আজন্ম সুৰ্য্যদীপ্ত চিৰজাগ্ৰত স্বত্ব

অসম অসমীয়া ভাষা সংস্কৃতিৰ বাবে প্ৰাণ মোৰ জন্মতেই সমৰ্পিত লুইতপৰীয়া অতন্দ্ৰ সৈনিক মই চিৰ সক্ৰিয় সদা সতৰ্ক শ্বহীদৰ উতপ্ত তেজেৰে গঢ়া মই মহা বিপ্লৱী দুৰন্ত

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page