top of page

মই তোমাৰ প্ৰতিদ্বন্দ্বী হ’ব নিবিচাৰোঁ

মই তোমাৰ প্ৰতিদ্বন্দ্বী হ’ব নিবিচাৰোঁ বন্ধু …. প্ৰতিদ্বন্দ্বী হ’ব নিবিচাৰোঁ__ মই বিচাৰোঁ তোমাৰ সহযোগী হ’ব লৈ তোমাৰ সুখত সুখী আৰু তোমাৰ দুখত দুখী হ’ব বিচাৰোঁ

সৌ যে দেখিছা সু-উচ্চ শিখৰ তাত দুয়ো একেলগে বগাব খোজোঁ প্ৰতিদ্বন্দিতাত তোমাক হৰুৱাই হয়টো মই ক্ষন্তেক আনন্দ পাব পাৰোঁ সেই খনিক আনন্দৰ বাবে মই তোমাক হেৰুৱাব নোখোজোঁ বন্ধু …. হেৰুৱাব নোখোজোঁ __

তোমাৰ প্ৰতিভা হ’ওক মোৰ বাবে প্ৰেৰণা তোমাৰ সাফল্য হ’ওক মোৰ আনন্দৰ উৎস তোমাৰ সাফল্যৰ পথত প্ৰতিদ্বন্দ্বী হৈ বাধাৰ প্ৰাচীৰ হ’ব নোখোজোঁ বন্ধু …. বাধাৰ প্ৰাচীৰ হ’ব নোখোজোঁ __

প্ৰকৃতিৰ দৰে নীৰৱে নীৰৱে সময়ৰ কাম মই সময়ত কৰি যাব বিচাৰোঁ সাগৰৰ বুকুৰ এটোপাল পানী হৈ ময়ো মিলি যাব খোজোঁ গভীৰতাৰ বুকুত বন্ধু …. মিলি যাব খোজোঁ গভীৰতাৰ বুকুত

আকাশৰ দৰে বিশাল হ’ব খোজোঁ সেই বিশাল দুবাহুৰে মৰমেৰে সাৱতি ধৰি ৰাখিব খোজোঁ সেউজীয়া ধৰণীক যাৰ বুকুত ৰং বোৰে ফুল হৈ ফুলে ৰঙৰ সমাহাৰে পখিলা হৈ উৰে _

মই চাব খোজোঁ প্ৰকৃতিৰ নিৰ্মল সৌন্দৰ্য হৃদয়ত অনুভৱ কৰিব খোজোঁ প্ৰকৃতিৰ উদাৰতা প্ৰকৃতিৰ নিস্বাৰ্থ প্ৰেমত মই বিভুৰ হ’ব খোজোঁ বন্ধু …. বিভুৰ হ’ব খোজোঁ _

মই জ্ঞানান্ধ হ’ব নোখোজোঁ বন্ধু …. জ্ঞানান্ধ হ’ব নোখোজোঁ __

মই তোমাৰ প্ৰতিদ্বন্দ্বী হ’ব নিবিচাৰোঁ বন্ধু …. প্ৰতিদ্বন্দ্বী হ’ব নিবিচাৰোঁ

#assamesekobita #axomiyakobita #moitumarpratidandihobonibisaru #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page