top of page

মই কাজিৰঙা

মই কাজিৰঙা সন্তান মোৰ অনেক, নিষ্ঠুৰ- নিৰ্দয় চোৰাং চিকাৰীয়ে এটা-দুটাকৈ মোৰ বুকুৰ কলিজাক কৰিছে নি:শেষ!

মনৰ দুখ-বেদনাবোৰ কাকনো ক’ম সাজ-পোছাকবোৰ দেখিলে সুৰক্ষা বাহিনী যেন লাগে, নিৰ্ভয় ভাৱে আশ্ৰয় লবলৈ যাওঁতে মোৰ কলিজাৰ টুকুৰাবিলাকক খেদি-খেদি গুলিয়াই নিধন কৰে।

কেতিয়াবা ডাইনিং টেবুলত সোৱাদৰ লালসাত আকৌ কেতিয়াবা জীৱন্ত গঁড়ৰ খৰ্গ কাটি বিশ্বৰ বজাৰে বজাৰে বেছি লক্ষ্য কেৱল ধনী হোৱাৰ লালসা

মই কাজিৰঙা দেশৰ গৌৰৱ অন্তৰত বহু ব্যাঘাত জন্মে নয়নৰ অশ্ৰু বৈ বৈ মনলৈ জাগি উঠে হাজাৰ প্ৰশ্ন মই যে কাজিৰঙা।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page