top of page

মই কলম

কলম মই নিস্বাৰ্থৰে সংগ লওঁ জীৱনৰ বিয়লি বেলাতো প্ৰকৃত বন্ধু হৈ ৰওঁ; জ্ঞান , অৰ্হতাৰ পৰিচয়ো কলমেৰে দি যাওঁ; জীৱন গঢ়াৰ পথো সুগম কৰি লওঁ; প্ৰকাশ কৰিব নোৱাৰা ভাৱক শব্দৰে খেলা খেলি কবি , সাহিত্যিকে দেখুঁৱাই নিজৰ পৰিচয় দাঙি কণ্ঠ ৰুদ্ধজনৰ কলমেই হল সাৰথি; উচ্চ চিন্তা দি যাব তেওঁ নিবিচাৰি কাৰো সহাঁৰি! অগণন ভাৱগভীৰ লেখকৰ কলমেৰে হল চিনাচিনি! সাহিত্যৰ ভঁৰালো কৰিলে তেওঁলোকে চহকী! বুৰঞ্জীৰ পাতত কলমৰ চানেকি; যুগে যুগে পঢ়িবলৈ পাওঁ আমি বিৰল প্ৰতিভাবান সকলৰ অভুতপূৰ্ব বিৱৰণী গঠনাত্মক চিন্তাৰ লিখনিয়ে পৰিবৰ্তন হব যুগৰ ৰাষ্ট্ৰসমূহৰ আলোচনাত সিদ্ধান্ত হোৱা একোটা চহীয়ে বিশ্বশান্তিৰ ধ্বজ্বা উৰোৱাব মানৱে! যুগে যুগে কলমৰ আদৰ্শ ৰৈ বৈ যাব! মানৱে শ্ৰদ্ধাৰে সদায় গুণানুকীৰ্তন কৰি থাকিব।

1 view0 comments

Related Posts

See All

Comments


bottom of page