মই এজন পথিক
- Jan 6, 2021
- 1 min read
মই এজন পথিক ঘূৰণীয়া পৃথিৱীত ঘূৰো মই দিনে ৰাতি, মই পথাচাৰী নাই ঠিকনা মোৰ, অবিৰাম গতিত চলি গৈছো মই, মই পথাচাৰী। বুকুৰ মাজত অজশ্ৰ যান্ত্ৰণা মোৰ, তথাপিও মই গতি কৰি আছো, মই পথাচাৰী। জীৱনৰ সুখ দুখ হাঁহি কান্দোনৰ মাজত চলি আছো মই, মই যে এজন পথিক। গতি ৰখিব এদিন, যিদিনা ঠিকনা বিহীন আত্মাই এৰিব শৰীৰ।




Comments