top of page

মই আৰু মোৰ ছাঁ

  • Jan 12, 2021
  • 1 min read

মোৰ আজন্ম বন্ধু, সংগী, প্রেমিক মোৰ ছাঁ মোৰ “ছাঁ”ই মোৰ স’তে খেলে ল’ৰালিৰ লুকা-ভাকু

কেতিয়াবা ছাঁ মোৰ আগে আগে যায় মোক বাট দেখুৱায় কেতিয়াবা মোক কয় “আগবাঢ় মই আছোঁ তোৰ পাছে পাছে” মোক সময়ৰ জাননী দি ভৰ দুপৰীয়া ছাঁ নিখোজ হয় মোক বুজায় দিয়ে পৃথিৱীলৈ অকলে আহিছ, অকলেই যাব লাগিব গতিকে নিৰ্ভীক আৰু সাহসী হ’

মোৰ সংগী মোৰ ছাঁ ৰাতি হ’লে শুই পৰে মোৰ স’তে নিতে নিতে আহে প্রভাতী সূৰুযৰ স’তে মই শেঁতেলি এৰিলেই লগতে উঠি আহে সুকোমল ৰ’দৰ পৰশত মোৰ ছাঁ বাঢ়ে পুৱা অথবা গধূলি ক’লা বৰণৰ ছাঁটো গিলিবলৈ ৰ’দে খেদি ফুৰে পিছে নোৱাৰে “চোৰ-পুলিচ”ৰ খেলখনত মোৰ ছাঁই সদায়ে ৰ’দক পৰাভূত কৰে

মোৰ ছাঁ মই জীয়াই থকাৰ সাক্ষ্য মোৰ বাবেই ছাঁ আৰু ছাঁৰ বাবেই মই কোনোদিনে এৰাএৰি নোহোৱাৰ প্রতিশ্রুতিৰে বান্ধ খাই থকা আমি দুয়ো আজন্ম প্রেমিক|

সেয়ে মোৰ ছাঁই মোক কয় “তোৰ মৰিশালিত মোকো দিবি অকণ ঠাই|”

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page