top of page

মইনা তোমাৰ

  • Sahitya Chorcha
  • Jul 5, 2021
  • 1 min read

জোতা আছে মোজা আছে আৰু আছে টুপি, ঠান্ডাত ঘূৰি ফুৰি কিয় আছা কঁপি?

ৰুটি আছে ভাজি আছে আৰু আছে মিট (মাংস), এই খিনি খাই লৈ গোৱা এটি গীত ৷

মোনা আছে কিতাপ আছে আৰু আছে কলম, তাকে লৈ পঢ়াশালিলৈ যোৱা নকৰিবা পলম ৷

মা আছে দেউতা আছে ভাত আছে গৰম, পঢ়াশালিলৈ সদায় যাবা মাৰে কৰিব মৰম ৷

ডাঙৰৰ কথা শুনিবা শিক্ষাগুৰুক কৰিবা সেৱা, ভাই-ভনীক মৰম কৰিবা খাব পাবা চেৱা ৷

সময়ৰ কাম সময়ত কৰিবা নকৰিবা চৰম, মা-দেউতাক সেৱা কৰিলে পায় আচল ধৰম ৷

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page