top of page

“ভাল পাই পেলাইছো তোমাক”

  • Sahitya Chorcha
  • Dec 21, 2020
  • 1 min read
চেতন অথবা অৱচেতনত কঢিয়াই ফুৰিছো তোমাৰ অৱস্থিতি তোমাৰ নিশ্বাসত ঘনিষ্ঠতা কৰিছো মোৰ উশাহবোৰ………… মনৰ অৱসাদ ফালি কলিজাৰ গহ্বৰত তোমাৰ পদাৰপণে হালধীয়া অথবা সেউজীয়া প্ৰেমৰ বীজ সিচিঁছে……. মেঘ আৰু বতাহৰ উশাহবোৰ জীপাল হৈ সংশ্লেষিত হৈছে ঠিক তেনেকৈ….তোমাৰ উশাহবোৰ মোৰ দীঘলীয়া হুমুনিয়াহ হৈ হৃদয়ত তৰংগিত কৰিছে হেপাঁহৰ……. তোমাৰ কথাবোৰ গান হৈছে অভিমানবোৰ সুৰ হৈ ভাহিঁছে মোৰ সংশ্লেষিত প্ৰেমিক মনত, তোমাৰ সৈতে কটোৱা নিমিত্ব মুহুত্ববোৰ সুখ হৈ পদাঘাত কৰিছে মোৰ দুচকুত হৃদয়ৰ খিৰীকিত সৃষ্টি হৈছে প্ৰেমৰ কবিতাৰ টোপাল টোপাল আলোড়নৰ….. সঠিককৈ কব নোৱাৰিম এইয়া ছাগে তোমাৰ প্ৰতি উদ্ভাসিত হোৱা প্ৰেম অফুৰন্ত মৰম আৰু ভালপোৱাৰ ঠিকনা সছাঁকৈ মই তোমাৰ প্ৰেমত পৰিছো নেকি……?

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page